কণ্ঠশিল্পী সিদ্ধু মূছেৱালা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তৰ মৃত্যু!

পঞ্জাৱৰ তৰ্ণ তৰণ জিলাৰ গোইন্দৱাল চাহাব কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু দুই গেংষ্টাৰৰ

নেচনেল ডেস্ক:

ণ্ঠশিল্পী সিদ্ধু মূছেৱালা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তৰ মৃত্যু। পঞ্জাৱৰ তৰ্ণ তৰণ জিলাৰ গোইন্দৱাল চাহাব কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু দুই গেংষ্টাৰৰ । কাৰাগাৰৰ ভিতৰত কয়দীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত দুই অভিযুক্ত নিহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। কাজিয়াত আন এটা কয়দীও আহত হয়। তিনিওটাই একেটা গেংষ্টাৰ গোটৰ। নিহত দুই গেংষ্টাৰ বটালাৰ মনদ্বীপ সিং ওৰফে টুফান আৰু বুধলাদাৰ নিবাসী মনমোহন সিং ওৰফে মোহনা বুলি জানিব পৰা গৈছে। কাৰাগাৰৰ ভিতৰত হোৱা যুঁজৰ সময়ত বাচন-বৰ্তন আৰু লোহাৰ ৰড ব্যৱহাৰ কৰা হৈছিল বুলি কাৰাগাৰ কতৃপক্ষৰ সূত্ৰে প্ৰকাশ।

উল্লেখ্য যে, যোৱা ২৯ মে’ত মানছা জিলাত গুলীয়াই হত্যা কৰা হৈছিল সিদ্ধু মুছেৱালা নামেৰে জনপ্ৰিয় গায়ক শুভদীপ সিং সিদ্ধুক।।

You might also like
Leave A Reply

Your email address will not be published.