দিল্লী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান!

নেচনেল ডেস্ক:
দিল্লী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান। দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে অগ্নিপথ হ্ৰস্বম্যাদী সামৰিক নিযুক্তি আঁচনিৰ বৈধতা বাহাল ৰাখে। আঁচনিখনক ৰাষ্ট্ৰীয় স্বাৰ্থত প্ৰস্তুত কৰা হৈছে আৰু সশস্ত্ৰ বাহিনী অধিক সুসজ্জিত হোৱাটো নিশ্চিত কৰা হৈছে বুলি ৰায়দান কৰে দিল্লী উচ্চ ন্যায়ালয়ে।

এই আদালতে আঁচনিখনত হস্তক্ষেপ কৰাৰ কোনো কাৰণ বিচাৰি পোৱা নাই, অগ্নিপথ আঁচনিক প্ৰত্যাহ্বান জনোৱা সকলো আৱেদন খাৰিজ কৰা হৈছে।

উল্লেখ্য যে, মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সুব্ৰমোনিয়াম প্ৰসাদৰ বিচাৰপীঠে পূৰ্বৰ নিযুক্তি আঁচনিৰ অধীনত পুনৰ আৰম্ভ আৰু নামভৰ্তি ৰখাৰ আবেদন খাৰিজ কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.