দুটা মাহত মৃত্যু হৈছে ৩০ টা বাঘৰ!

২০২৩ চনৰ বিগত দুটা মাহত মৃত্যু হৈছে ৩০ টা বাঘৰ!

নেচনেল ডেস্ক:

ক্ষিণ আফ্ৰিকাৰ পৰা ১২ টাকৈ চিতা বাঘ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা কৰাৰ সময়তে বাঘৰ মৃত্যুৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ২০২৩ চনৰ বিগত দুটা মাহত মৃত্যু হৈছে ৩০ টা বাঘৰ।বৰ্তমানলৈকে কানহা, পান্না, ৰন্থামবৌৰ, পেঞ্চ, কৰবেট, সাতপুৰা, ওৰাং, কাজিৰঙা আৰু সত্যমংগলম সংৰক্ষিত বনাঞ্চলৰ পৰা বাঘৰ মৃত্যুৰ বাতৰি পোৱা গৈছে। মৃত্যু হোৱা ৩০ টাৰ ভিতৰত ১৬ টা সংৰক্ষিত বনাঞ্চলৰ বাহিৰত। এতিয়ালৈকে সৰ্বাধিক বাঘৰ মৃত্যু হৈছে মধ্যপ্ৰদেশত ৯টা আৰু মহাৰাষ্ট্ৰত ৭টা। মৃত্যু হোৱা বাঘবোৰৰ ভিতৰত এটা পোৱালি, তিনিটা মধ্যম বয়সৰ আৰু বাকীবোৰ প্ৰাপ্তবয়স্ক।।

বাঘৰ মৃত্যুৰ এই সংখ্যা শংকাৰ কাৰণ নহয় বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ বিষয়াসকলে। সাধাৰণতে জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত বাঘৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই বুলি সদৰি কৰে বিষয়াসকলে।।

You might also like
Leave A Reply

Your email address will not be published.