দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ!

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰৰ প্ৰতিবাদ।। দেশজুৰি 'আম আদমীৰ ক'লা দিৱস'

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰৰ প্ৰতিবাদ।। দেশজুৰি ‘আম আদমীৰ ক’লা দিৱস’

নেচনেল ডেস্কঃ

সুৰা নীতি কেলেংকাৰীৰ গোচৰত CBIএ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেশজুৰি উত্তাল আম আদমী পাৰ্টী।দিল্লীৰ দীনদয়াল উপাধ্যায় (ডিডিইউ) মাৰ্গত পুৱাৰে পৰা ব্যাপক নিৰাপত্তা ব্যৱস্থা। ভাৰতীয় জনতা পাৰ্টি আৰু আপৰ মুখ্য কাৰ্যালয় থকা দিল্লীৰ ডি ডি ইউ মাৰ্গত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

আপৰ জ্যেষ্ঠ নেতা গোপাল ৰাইয়ে এই দিনটো ‘ক’লা দিৱস’ হিচাপে পালন কৰি দলে চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে।

সুৰা বিক্ৰীৰ সৈতে জড়িত আবকাৰী নীতিৰ দুৰ্নীতিৰ অভিযোগত দেওবাৰে চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল চিবিআইয়ে। দেওবাৰে চিবিআইৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰা অৱস্থাতে আপৰ সাংসদ সঞ্জয় সিং আৰু মন্ত্ৰী গোপাল ৰায়কে ধৰি ৫০জন লোককো আৰক্ষীয়ে আটক কৰিছিল ।।

You might also like
Leave A Reply

Your email address will not be published.