বেংগালুৰুত সংঘটিত হৈছে শোকাৱহ ঘটনা!

নেচনেল ডেস্ক :

ৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ হাইগ্ৰাউণ্ড থানা এলেকাৰ এপাৰ্টমেণ্টৰ দশম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে দ্বিতীয় পি ইউ চিৰ এগৰাকী ছাত্ৰই।মৃত যুৱকজন সঞ্জয় নগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,মৃত যুৱকজন চালুক্য চক্ৰৰ এইচ পি এপাৰ্টমেণ্টৰ দশম মহলাৰ পৰা এজনী ছোৱালীৰ ৰখাই থোৱা গাড়ীত বাগৰি পৰে যাৰ ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ ।ঘটনা সন্দৰ্ভত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ।
ইতিমধ্যে হাইগ্ৰাউণ্ড থানা এলেকাৰ আৰক্ষীয়ে ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকক অৱগত কৰিছে । মৃত যুৱকজনৰ পিতৃ অৰবিন্দ এগৰাকী চফটৱেৰ ইঞ্জিনিয়াৰ আৰু মাতৃ তেজু কৌশিক এগৰাকী গৃহিণী। মৃত যুৱকজনে দ্বিতীয় পি ইউ চি অধ্যয়ন কৰি আছিল।
কিহৰ বাবে যুৱকজনে আত্মহত্যাৰ পথ বাচি ললে তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

You might also like
Leave A Reply

Your email address will not be published.