বাংলাদেশীৰ আক্ৰমণত আহত বিএছএফৰ জোৱান!

বাংলাদেশী কৃষকৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিএছএফৰ দুজন জোৱান!

নেচনেল ডেস্ক:

বাংলাদেশী কৃষকৰ আক্ৰমণত গুৰুতৰভাৱে আহত বিএছএফৰ দুজন জোৱান। আক্ৰমণকাৰী বাংলাদেশীয়ে কাঢ়ি লৈ যায় জোৱানৰ অস্ত্ৰ-শস্ত্ৰ। ঘটনাটো সংঘটিত হয় নিৰ্মলচৰ সীমান্ত আউটপোষ্টৰ সমীপত। আহত বিএছএফৰ দুই জোৱান ৩৫ নং বেটেলিয়নৰ।

বিএছএফৰ বিবৃতিত প্ৰকাশ হোৱা মতে, বাংলাদেশৰ কৃষকে লুকাই চুৰকৈ গৰু চৰাবলৈ পথাৰত প্ৰৱেশ কৰি ইচ্ছাকৃতভাৱে শস্যৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰিছিল ভাৰতীয় কৃষকে। কৃষকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বি এছ এফৰ জোৱানসকলে সীমান্তৰ সমীপত সাময়িকভাৱে এটা চকী স্থাপন কৰিছিল। দেওবাৰে যেতিয়া অঞ্চলটোত টহল দি থকা দুজন জোৱানে বাংলাদেশী কৃষকক সীমান্তৰ সিপাৰে গৰু অনাত বাধা দিবলৈ চেষ্টা চলাইছিল, তেতিয়া কেইবা ডজনো বাংলাদেশী দুষ্কৃতিকাৰীয়ে খেতিৰ কামত ব্যৱহৃত লাঠি আৰু চোকা ধাৰৰ সঁজুলিৰে আক্ৰমণ কৰিছিল। ইফালে আক্ৰমণৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহত জোৱান দুজনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰে।

বি এছ এফে বাংলাদেশৰ সীমান্তৰক্ষীৰ আগত এই বিষয়টো উত্থাপন কৰি ফ্লেগ মিটিঙৰ আহ্বান জনাই অস্ত্ৰ-শস্ত্ৰসমূহ উদ্ধাৰৰ লগতে ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.