আজি ২৭ ফেব্ৰুৱাৰী

▶️১৯০২ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ মাৰ্কিন ঔপন্যাসিক জন ষ্টেইনবেকৰ জন্ম হৈছিল। ১৯৬২ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।’দা গ্ৰেপছ অব ৰেথ’ ষ্টেইনবেকৰ এখন প্ৰখ্যাত উপন্যাস।
▶️১৯৩১ চনৰ এই দিনটোতেই এলাহাবাদত ব্ৰিটিছৰ লগত হোৱা সংঘৰ্ষত পিষ্টলেৰে চন্দ্ৰশেখৰ আজাদৰ আত্মহত্যা।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই হিতেশ্বৰ শইকীয়াৰ অসমৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ।
▶️২০০০ চনৰ এই দিনটোতেই আলফাৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত মন্ত্ৰী নগেন শৰ্মাসহ ৫ জন লোকৰ মৃত্যু ঘটিছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই গুজৰাটৰ গোধৰাত সবৰমতী এক্সপ্ৰেছ ৰে’লত দুৰ্বৃত্তৰ দ্বাৰা অগ্নিসংযোগ কৰি ৬০ গৰাকী যাত্ৰীক হত্যা।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই এমনেষ্টি ইন্টাৰনেচনেলৰ পিতৃস্বৰূপ ব্ৰিটিছ আইনজ্ঞ পিটাৰ বেনছনৰ মৃত্যু হৈছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল।
▶️২০০৬ চনৰ এই দিনটোতেই ‘Assam’ক ‘Asom’ নামকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া।।

 

You might also like
Leave A Reply

Your email address will not be published.