মহাবিদ্যালয়ৰ চৌহদত অধ্যক্ষাক পেট্ৰ’ল ঢালি জীৱন্তে জ্বলালে প্ৰাক্তন ছাত্ৰই!

ইন্দোৰত সংঘটিত হৈছে এক জঘন্য ঘটনা । বিএম কলেজ অৱ ফাৰ্মাচীৰ এজন প্ৰাক্তন ছাত্ৰই মহাবিদ্যালয়খনৰ অধ্যক্ষাক দিন দুপৰতে!

নেচনেল ডেষ্ক

ন্দোৰত সংঘটিত হৈছে এক জঘন্য ঘটনা । বিএম কলেজ অৱ ফাৰ্মাচীৰ এজন প্ৰাক্তন ছাত্ৰই মহাবিদ্যালয়খনৰ অধ্যক্ষাক দিন দুপৰতে পেট্ৰ’ল ঢালি জ্বলাই দিয়ে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে চিমৰোল আৰক্ষী থানা অঞ্চলৰ বিএম কলেজ অৱ ফাৰ্মাচীৰ প্ৰাক্তন ছাত্ৰ আশুতোষ শ্ৰীবাস্তৱে ২০ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠানখনৰ চৌহদত পেট্ৰ’ল ঢালি জ্বলাই দিয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষা ড০ বিমুক্ত শৰ্মাক । প্ৰায় ৮০ শতাংশ দগ্ধ হোৱা অধ্যক্ষা গৰাকীয়ে যোৱা পাঁচ দিন ধৰি হাস্পতালত চিকিত্‍সাধীন অৱস্থাত আছিল । অৱশেষত আজি মৃত্যুৰ ওচৰত হাৰ মানিলে । অৱশ্যে ঘটনাটোৰ দিনাই শ্ৰীবাস্তৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অধ্যক্ষা গৰাকীক জ্বলাই দিয়াৰ সন্দৰ্ভত আৰক্ষীৰ জেৰাত শ্ৰীবাস্তৱে কয় যে তেওঁ ২০২২ চনৰ জুলাই মাহতেই বি.এম.পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কিন্তু বাৰে বাৰে অনুৰোধ কৰা স্বত্বেও, বি.এম. কলেজ অফ ফাৰ্মাচীৰ মেনেজমেণ্টে তেওঁক তেওঁৰ মাৰ্কশ্বীটখন দিয়া নাছিল । সেয়েহে খঙতে ২০ ফেব্ৰুৱাৰীৰ দিনা প্ৰতিষ্ঠানখনৰ চৌহদতে অধ্যক্ষা গৰাকীক পেট্ৰ’ল ঢালি জ্বলাই দিয়ে। অৱশ্যে মহাবিদ্যালয়খনৰ মেনেজমেণ্টে শ্ৰীবাস্তৱৰ অভিযোগক মিছা বুলি দাবী কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.