এইবাৰ হংকঙত ফ্ৰীজৰ ভিতৰত সুন্দৰী মডেলৰ মৃতদেহ!

ইন্টাৰনেচনেল ডেস্ক:

 

অসমৰ পাছত এইবাৰ হংকঙত ফ্ৰীজৰ ভিতৰত ওলাল মৃতদেহ। হংকঙত ফ্ৰীজৰ ভিতৰত ওলাল এগৰাকী ২৮ বছৰীয়া মডেলৰ ক্ষত-বিক্ষত দেহ। জানিব পৰা মতে, হংকঙৰ ২৮ বছৰীয়া মডেল ‘আবি চয়’ নামৰ মডেল গৰাকীৰ পূৰ্বৰ স্বামীয়ে হত্যা কৰি সোমোৱাই ৰাখিছিল ফ্ৰীজত।

 

প্ৰাপ্ত তথ্য অনুসৰি বিগত বুধবাৰে অন্তিমবাৰৰ বাবে মডেল গৰাকীক প্ৰত্যক্ষ কৰিছিল পূৰ্বৰ স্বামীৰ ভাতৃয়ে। আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল মডেল গৰাকী। ৪ দিনৰ অন্তত আজি হংকং আৰক্ষীয়ে এখন গাঁৱত উদ্ধাৰ কৰে দুৰ্ভগীয়া আবি চয়ৰ ক্ষত-বিক্ষত শৰীৰৰ কিছু অংশ।

মডেল গৰাকীৰ হত্যাৰ অভিযোগত পূৰ্বৰ স্বামীৰ ভাতৃ, পিতৃ-মাতৃক ইতিমধ্যে গ্ৰপ্তাৰ কৰিছে যদিও পলাতক অৱস্থাত আছে মুল অভিযুক্ত স্বামী।।

You might also like
Leave A Reply

Your email address will not be published.