আজি বালাকোট বিমান আক্ৰমণৰ চতুৰ্থ বছৰ!

নৃশংস পুলৱামা আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় বায়ুসেনাই বালাকোটত সংঘটিত কৰিছিল এয়াৰ ষ্ট্ৰাইক

নেচনেল ডেস্ক:

জি বালাকোট বিমান আক্ৰমণৰ চতুৰ্থ বছৰ! ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে সংঘটিত হোৱা নৃশংস পুলৱামা আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত আজিৰ দিনটোত সংঘটিত কৰিছিল এয়াৰ ষ্ট্ৰাইক। উল্লেখ্য যে, আত্মঘাটী বোমাৰুৰ আক্ৰমণত নিহত হৈছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৪৬ জন জোৱানৰ ।

কিয় ভাৰতে বালাকোট বিমান আক্ৰমণ চলালে?

জম্মু-কাশ্মীৰৰ পুলৱামা অঞ্চলত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ নিষ্ঠুৰ আক্ৰমণত স্তম্ভিত হৈ পৰিছিল ভাৰতৰ লগতে বিশ্ববাসী। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত আত্মঘাতী বোমাৰুই সংঘটিত কৰা আক্ৰমণত পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদে দায়িত্ব স্বীকাৰ কৰিছিল। পুলৱামা আক্ৰমণৰ প্ৰতিশোধ আৰু শ্বহীদ চি আৰ পি এফ জোৱানক শ্ৰদ্ধাঞ্জলি জনাই ভাৰত চৰকাৰে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বালাকোট বিমান আক্ৰমণৰ পৰিকল্পনা কৰিছিল। বালাকোট বিমান আক্ৰমণত অঞ্চলটোৰ বহু সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

বালাকোট বিমান আক্ৰমণৰ সময়ত কি হৈছিল?

২৬ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানে জম্মু-কাশ্মীৰৰ সীমান্ত অতিক্ৰম কৰি পাকিস্তানৰ বালাকোটৰ এখন সৰু চহৰত বোমা নিক্ষেপ কৰি সেই অঞ্চলত স্থাপন কৰা কথিত সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে আক্ৰমণ চলায়। মুঠ ১২খন মিৰাজ ২০০০ জেট বিমানে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বালাকোট বিমান আক্ৰমণ চলাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.