‘ৰতনজোট’ বীজ সেৱন অসুস্থ ৯ টিকৈ শিশু!

নেচনেল ডেস্ক:

ধ্যপ্ৰদেশৰ ৰাইজেন জিলাত অঘটন। ৰাইজেনত ‘ৰতনজোট’ বীজ সেৱন কৰি অসুস্থ ৯ টিকৈ শিশু। মধ্যপ্ৰদেশ জিলা সদৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগৰ বেগমগঞ্জ চহৰত সংঘটিত হৈছে এই ঘটনা। জিলা আৰক্ষী মহকুমাধিপতি সুনীল বৰকাডে জানিবলৈ দিয়া অনুসৰি ‘ৰতনজোট’ বীজ সেৱন কৰাৰ পাছতে শিশুকেইটিৰ বমি হোৱাত স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তী কৰোৱা হয় যদিও ইয়াৰে চাৰিজনক উন্নত চিকিৎসাৰ বাবে ৰাইচেন জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, ৰতনজোটৰ শিপা ঔষধৰ লগতে ৰং আৰু প্ৰসাধন সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰা হয় যদিও ইয়াত থকা কিছুমান ৰাসায়নিক পদাৰ্থ যকৃতৰ বাবে ক্ষতিকাৰক।।

You might also like
Leave A Reply

Your email address will not be published.