প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল জাপান!

শনিবাৰে নিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ'ল জাপানৰ মূল দ্বীপ হোকাইডো

ইণ্টাৰনেচনেল ডেস্ক:

নিবাৰে নিশা প্ৰচণ্ড ভূমিকম্পই কঁপাই গ’ল জাপানৰ মূল দ্বীপ হোকাইডো। ৰিখটাৰ স্কেলত ৬.১ প্ৰাবল্যৰ অনুভূত হয় এই ভূমিকম্প। নিশা ১০:২৭ বজাত (স্থানীয় সময় অনুসৰি) জোকাৰণি অনুভূত হয় বুলি সদৰি কৰে জাপান বতৰ বিজ্ঞান কেন্দ্ৰই। ভূমিকম্পত তাৎক্ষণিকভাৱে কোনো লোক হতাহত বা আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

জাপানৰ কুছিৰোৰ ওচৰৰ প্ৰশান্ত মহাসাগৰত ৬০ কিলোমিটাৰ গভীৰতাত সংঘটিত হোৱা এই ভূমিকম্পই উত্তৰ-পূব জাপান আৰু দেশৰ পূব অংশকে ধৰি এক বিস্তৃত অঞ্চল কঁপাই তুলিছে।।

You might also like
Leave A Reply

Your email address will not be published.