ক’ভিডক লৈ কঠোৰ BTC প্ৰশাসন

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত-

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল (বিটিচি) সচিবালয় আৰু বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল বিধান সভাত (বিটিচিএলএ) ৰাজহুৱা প্ৰৱেশ শুকুৰবাৰৰ ( ১৬ জুলাইৰ পৰা ২৩ জুলাইলৈ ) পৰা নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপেক্ষিতত এই পদক্ষেপ লোৱা হৈছে। বিটিচিৰ প্ৰধান সচিবে জাৰি কৰা এক জাননীত এই ঘোষণা কৰা হৈছে। ক’ভিড ভেকছিনৰ কমেও এটা পালি গ্ৰহণ কৰা সকলো কৰ্মচাৰীয়ে (ঠিকাভিত্তিক আৰু স্থায়ী দৰমহা লোৱা) কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। বিটিচি সচিবালয়ৰ কৰ্মচাৰীসকলে টিকাকৰণ নকৰিলে ২০২১ চনৰ জুলাই মাহৰ দৰমহা বন্ধ কৰি ৰখাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.