ক’ভিডত নিঠৰুৱা হ’ল জনপ্ৰিয় ইউটিউবাৰ

নিউজ ডেস্ক-

ক’ভিড মহামাৰীয়ে বহুতৰে জীৱনলৈ কঢ়িয়াই আনিছে অন্ধকাৰ। ঘাটমাউৰা কৰিছে বহু ল’ৰা-ছোৱালীক। ক’ভিডে ঘোৰ অমানিশা কঢ়িয়াই আনিলে জনপ্ৰিয় ইউটিউবাৰ ভুৱন বামৰ জীৱনলৈ। আনক হাঁহিৰ খোৰাক জগাই অহা ইউটিউবাৰ ভুৱন বামে আজি কান্দিছে। হাস্যকৰ ভিডিঅ’ৰে বহু লোকৰ মুখত হাঁহি বিৰিঙাই তোলা জনপ্ৰিয় ইউটিউবাৰ ভুৱন বামৰ পিতৃ-মাতৃৰ প্ৰাণ কাঢ়ি নিয়ে মহামাৰী ক’ভিডে। জনপ্ৰিয় ইউটিউবাৰজনে শনিবাৰে শ্বেয়াৰ কৰা এক ইনষ্টাগ্ৰাম পোষ্টে আৱেগিক কৰি তুলিছে সকলোকে। ক’ভিডত পিতৃ-মাতৃক হেৰুওৱাৰ কথা প্ৰকাশ কৰি ইউটিউবাৰগৰাকীয়ে লিখে, “মই এজন ভাল সন্তান আছিলো নে?” শনিবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত এই বিষয়ে অৱগত কৰি ইউটিউবাৰ ভুৱন বামে লিখে যে, ‘ক’ভিডৰ বাবে মই মোৰ জীৱনৰেখা হেৰুৱাই পেলাইছো। মা আৰু বাবাৰ অবিহনে পূৰ্বৰ দৰে একো একেই হৈ নাথাকিব। এমাহৰ ভিতৰতে সকলো শেষ হৈ গৈছে, ঘৰ, সপোন, সকলো। মোৰ মা মোৰ লগত নাই, বাবা মোৰ সৈতে নাই। মই পুনৰ জীয়াই থাকিবলৈ শিকিম, কিন্তু নিবিচাৰো’। ইউটিউবাৰগৰাকীয়ে মহামাৰী ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা খবৰে তেওঁৰ অনুৰাগীসকলক আৱেগিক কৰি তুলিছে।।

You might also like
Leave A Reply

Your email address will not be published.