ক’ভিডত মৃত্যু আন এজন বিধায়কৰ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ক’ভিডে প্ৰাণ ল’লে আন এজন বিধায়কৰ। তামোলপুৰৰ UPPL ৰ বিধায়ক লেহোৰাম বড়োৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাটালত মৃত্যু। ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিজেপি মিত্ৰজোঁটৰ বিধায়কজন। বিধায়ক জনৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক মহল। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,UPPL ৰ সভাপতি প্ৰমোদ বড়ো প্ৰমুখ্যে বিভিন্ন জনে বিধায়ক বড়োৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মৃত্যু ঘটিছিল BPFৰ গোঁসাইগাঁৱৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ। ।

You might also like
Leave A Reply

Your email address will not be published.