নিউজ ডেস্ক-
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। সোমবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২৫৩ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৮৭গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৩ গৰাকী আক্ৰান্তৰ। আক্ৰান্তৰ হাৰ ০.৫৯ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১০,২২৯ গৰাকী লোক। মৃত্যুমুখত পৰিছে ১২৫ ক’ভিড আক্ৰান্ত। আৰোগ্যৰ হাৰ ৯৮.২৬ শতাংশ।।