আজি ১৬ নৱেম্বৰ

➡ ১৮৩৫ চনৰ আজিৰ দিনটোতে ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ (প্ৰকৃত নাম মণিকৰ্ণিকা) বাৰাণসীত জন্ম হৈছিল।

➡ ১৮৯৪ চনৰ ১৬ নৱেম্বৰত বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ জন্ম হৈছিল।

➡ ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হৈছিল ১৯৪৯ চনৰ আজিৰ দিনটোতে।

➡ ১৯৫২ চনৰ ১৬ নৱেম্বৰত কোকৰাঝাৰৰ ওচৰৰ বাসুগাঁৱত বড়ো সাহিত্য সভা গঠন হৈছিল।

➡ ১৯৮৮ চনৰ আজিৰ দিনটোতে পেলেষ্টাইন ৰাষ্ট্ৰক ভাৰতৰ পূৰ্ণ স্বীকৃতি দিয়া হৈছিল।

➡ ১৯৯০ চনৰ ১৬ নৱেম্বৰত কেন্দ্ৰত চন্দ্ৰশেখৰৰ চৰকাৰ আস্থাৰ ভোটত জয়ী হৈছিল। সপক্ষে ২৮০ টা আৰু বিপক্ষে ২১৪ টা ভোট আছিল।

➡ বাংলাদেশৰ ঢাকাৰ সমীপৰ নাৰায়ণগঞ্জত অৱস্থিত পৃথিৱীৰ বৃহত্তম মৰাপাট কল ‘আদাম জী পাটকল’ অনিৰ্দিষ্ট কাললৈ বন্ধ হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতে।

➡ ১৯৯২ চনৰ ১৬ নৱেম্বৰত সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ মৃত্যু হৈছিল।

➡ ১৯৯৮ চনৰ আজিৰ দিনটোতে মহাজাগতিক পৰিঘটনাৰ ফলত বিভিন্ন ঠাইত উল্কাবৃষ্টি হৈছিল।

➡ ২০০১ অসমত ১১ নৱেম্বৰত দিয়া পালছ ভিটামিন-এ সেৱন কৰি বহুত শিশু আক্ৰান্ত হৈ ১০ টি শিশুৰ মৃত্যু হৈছিল ১৬ নৱেম্বৰত।

➡ ২০০২ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফ ৰাষ্ট্ৰপতি পদলৈ পুনৰ নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.