ক’ভিড আপডেট

নিউজ ডেস্ক- পুনৰ কোভিড শূন্য ৰাজ্য। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ এজনো আক্ৰান্ত হোৱা নাই কোভিডত। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই । দৈনিক পজিভিটিৰ হাৰ ০.০০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯০ শতাংশ।

আনহাতে দেশত দৈনিক বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা। দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,২২৬ গৰাকী। মৃত্যুমুখত পৰিছে ৬৫ গৰাকী লোক। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৪,৯৫৫ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.