নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৭৩৬ গৰাকী লোক। আক্ৰান্তসকলৰ ৪৫ গৰাকী কামৰূপ (মেট্ৰ’)ৰ, ৮৯ গৰাকী ডিব্ৰুগড় জিলাৰ, ৪৯ গৰাকী কাছাৰ জিলাৰ, ৪৬ গৰাকী লক্ষীমপুৰ জিলাৰ, ৪৩ গৰাকী বাক্সা জিলাৰ আৰু ১ গৰাকী শোনিতপুৰ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১ গৰাকী আক্ৰান্তৰ। ৰাজ্যত পজিটিভিটিৰ হাৰ ১০.৭৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.০৮ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২০,২৭৯ গৰাকী। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৩৬ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৫.২৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪৫ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৫২,২০০ গৰাকী।