ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ৬ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ৩ গৰাকী গোৱালপাৰা জিলাৰ, ৩ গৰাকী যোৰহাট জিলাৰ, ২ গৰাকী বৰপেটা জিলাৰ আৰু ১ গৰাকী বাক্সা জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৪২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৫,৩৮৩ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২০ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৬৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৫,২৮১ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.