ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১১৯ গৰাকী লোক। আক্ৰান্ত সকলৰ ৩৪ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১০ গৰাকী ধেমাজি জিলাৰ, ৮ গৰাকী কাৰ্বি আংলং জিলাৰ, ৭ গৰাকী গোৱালপাৰা জিলাৰ আৰু ৭ গৰাকী লখিমপুৰ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৮৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,১১৯ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১০ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.১৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৬,০৩৭ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.