নিউজ ডেস্ক, এন ই ভাৰত
ৰাজ্যত অব্যাহত ক’ভিডৰ সংক্ৰমণ, হ্ৰাস পাইছে মৃতকৰ সংখ্যা। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৪৯৩ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২৪ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২৪৭ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪২,৭৬৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ১,২০৬। সুস্থ হৈ ঘৰলৈ ওভতিছে ৪৫,২৫৪জন।