নিউজ ডেস্ক, এন ই ভাৰত-
ৰাজ্যত সামান্য হ্ৰাস পাইছে কোভিড সংক্ৰমণ। বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ১,৬২১গৰাকী। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১৫ গৰাকী লোকৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৮৮ গৰাকী লোক। ৰাজ্যত কোভিড সংক্ৰমণৰ হাৰ ১.১০ শতাংশ।
দেশত হ্ৰাস পাইছে কোভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা হৈছে ৪১,৩৮৩ গৰাকী লোক। মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫০৭ গৰাকী। সুস্থ হৈ ঘৰলৈ উভতিছে মুঠ ৩০,৪৯৫,৩৫২ গৰাকী লোক।।