কয়লা সৰবৰাহত নিয়োজিত শিশু শ্ৰমিক!

নিউজ ডেস্ক

লিডুৰ কয়লা খনিত কৰ্মৰত শ্ৰমিক প্ৰাঞ্জল মৰাণৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ কয়লা সৰবৰাহৰ কামত নাবালক তথা শিশু শ্ৰমিক নিয়োগ কৰাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। মাৰ্ঘেৰিটাৰ পৰা যোৰহাট অভিমুখে অত্যাধিক কয়লা কঢ়িয়াই অনা AS 23 CC 9696 নম্বৰৰ এখন ট্ৰাক শিৱসাগৰত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰাৰ পিছতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। প্ৰায় ৩৫ টন কয়লা কঢ়িয়াই অনা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই শিৱসাগৰ দৰিকাপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰাত কথমপি ৰক্ষা পৰে এটি শিশু শ্ৰমিক। শিশুটিৰ ভাষ্যমতে মাহিলী মাত্ৰ ২ হেজাৰ টকাৰ বিনিময়ত অবৈধভাৱে বিগত দুমাহ ধৰি কয়লা সৰবৰাহৰ কামত নিয়োজিত কৰি ৰখা হৈছিল শিশুটিক।।

You might also like
Leave A Reply

Your email address will not be published.