গণহত্যাৰে ৰক্তাক্ত নাইজেৰিয়া!

নেচনেল ডেস্ক:

নাইজেৰিয়াত ভয়ংকৰ গণহত্যাৰ ঘটনা ।উত্তৰ-মধ্য নাইজেৰিয়াৰ এখন গাঁৱত ৫০ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ। আৰক্ষীয়ে জনোৱা অনুসৰি এখন বজাৰত সংঘটিত হোৱা নিৰ্বিচাৰ গুলীচালনাৰ ফলত একেলগে ৫০ গৰাকী লোক নিহত হয়।এই লোমহৰ্ষক গণহত্যাৰ পাছতে সংশ্লিষ্ট কতৃপক্ষৰ সন্দেহৰ আঙুলি স্থানীয় পশুপালকৰ ওপৰত। উল্লেখ্য যে, পূৰ্বেও উত্তৰ-মধ্য নাইজেৰিয়াত ভূমি বিবাদক লৈ কৃষকসকলৰ সৈতে পশুপালকৰ প্ৰাণঘাটি সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.