কাইলৈ বৰ্ষাপাৰত IPL ৰ দ্বিতীয়খন মেচত RR বনাম DC

নিউজ ডেস্ক:

 

 

 

কাইলৈ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPL ৰ দ্বিতীয়খন মেচ। দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব বহুপ্ৰতীক্ষিত খেলখন। বিয়লি ৩ বাজি ৩০ মিনিটত আৰম্ভ হ’ব দিৱানৈশ খেলখন। দিনৰ ১ বজাত দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব প্ৰৱেশদ্বাৰ।

খেলৰ বাবে বৃহস্পতিবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছে দিল্লী কেপিটেলছৰ খেলুৱৈৰ লগতে চাপৰ্টিং ষ্টাফ। হোটেল ৰেডিশ্যন ব্লুত বাহৰ পতা দলটোৱে কাইলৈৰ মেচৰ বাবে বৰ্ষাপাৰাত আজি দিনৰ ১ বজাৰ পৰা চলালে অনুশীলন। বিয়লি ৩.৩০ বজাত অনুশীলন সামৰি দিল্লী কেপিটেলছৰ কেপ্তেইন ডেভিদ ৱাৰ্ণাৰে সম্বোধন কৰিব সংবাদ মেল। আনহাতে ৰাজস্থান ৰয়েলছে বিয়লি ৩.৩০ বজাৰ পৰা ৬ বজালৈ বৰ্ষাপাৰা ষ্টেডিয়ামত চলাব অনুশীলন। দলটোৰ হৈ অধিনায়ক সঞ্জু ছেমচনে সম্বোধন কৰিব সংবাদমেল।

৫ এপ্ৰিলত বৰ্ষাপাৰাত সফলতাৰে IPL ৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ পিছত গুৱাহাটীত দ্বিতীয় তথা অন্তিমখন মেচৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম।।

You might also like
Leave A Reply

Your email address will not be published.