নিউজ ডেস্ক:

ৰাজ্যত পুনৰ ক’ভিডৰ আতংক!নগাঁৱৰ দুগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। ক’ভিড পজিটিভ চিকিৎসক দম্পতী ডাঃ ৰাহুল দেবনাথ আৰু ডাঃ কল্পনা বৰুৱা।

খবৰ অনুসৰি বুধবাৰে হায়দৰাবাদৰ পৰা অসমলৈ উভতি অহা স্বামী-স্ত্ৰীৰ এন্টিজেন টেষ্ট কৰোতে ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল। সম্প্ৰতি দুয়ো হোম আইছ’লেশ্যনত আছে।

ইফালে ভাৰতত যোৱা ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৬,০৫০ গৰাকীলৈ বৃদ্ধি। দেশত সক্ৰিয় ক’ভিড আক্ৰান্তৰ সংখ্যা বৰ্তমান ২৮,৩০৩ গৰাকী। দৈনিক পজিটিভিটিৰ হাৰ ৩.৩৯ শতাংশ।বৰ্ধিত ক’ভিড পৰিস্থিতিক লৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিল্লীত ৰাজ্যসমূহৰ স্বাস্থ্যমন্ত্ৰী সকলৰ গুৰুত্বপূৰ্ণ বৈঠক।।

You might also like
Leave A Reply

Your email address will not be published.