হাছান জিলাৰ এৰেহাল্লি গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড!

নেচনেল ডেস্ক:

হাছান জিলাৰ এৰেহাল্লি গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড! এটা ৩২ বছৰীয়া লম্পটে ধৰ্ষণ কৰি হত্যা কৰে এগৰাকী ৮৫ বছৰীয়া বৃদ্ধ মহিলাক। আৰক্ষীয়ে জনোৱা অনুসৰি, মহিলাগৰাকী আৰ্চিকেৰ তালুকৰ এৰেহাল্লি গাঁৱত থকা তেওঁৰ কৃষিক্ষেত্ৰলৈ গৈ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে আৰ্চিকেৰ গ্ৰাম্য আৰক্ষী থানাত এটা নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে। গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই বৃদ্ধ মহিলাগৰাকীৰ নগ্ন মৃতদেহটো এখন পথাৰৰ ওচৰৰ এটা নিৰ্জন স্থানত উদ্ধাৰ কৰে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ধৰ্ষণকাৰী মিথুন কুমাৰক গ্ৰেপ্তাৰ কৰিছে। জেৰাত অপৰাধ নিজ মুখে স্বীকাৰ কৰে অভিযুক্ত মিথুন কুমাৰে ।

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত পাষণ্ডটো মৃতকৰ পৰিচিত আছিল। মহিলাগৰাকীয়ে খোজকাঢ়ি মাদালু গাঁৱত থকা পথাৰখন চাবলৈ গৈছিল। কিন্তু উভতি অহাৰ সময়ত মহিলাগৰাকীয়ে পথটো চিনাক্ত কৰিব নোৱাৰাত অভিযুক্ত মিথুন কুমাৰে এখন বাইকত মহিলাগৰাকীক ঘৰত থৈ অহাৰ চলেৰে ঘৰৰ সলনি ওচৰৰ এখন পথাৰলৈ লৈ গৈ ধৰ্ষণ কৰাৰ চেষ্টা কৰে । কিন্তু বৃদ্ধ মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত মহিলাগৰাকীৰ মূৰত শিলেৰে প্ৰচণ্ড জোৰেৰে আঘাট কৰি ঘটনাস্থলীতে হত্যা কৰি অভিযুক্ত মিথুন কুমাৰে পলায়ন কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.