কলকাতাত ভয়ংকৰ পথ দুৰ্ঘটনা!

সোমবাৰে পুৱা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু ৫ গৰাকী লোকৰ

নেচনেল ডেস্ক:

লকাতাত ভয়ংকৰ পথ দুৰ্ঘটনা । সোমবাৰে পুৱা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু ৫ গৰাকী লোকৰ। দেওবাৰে নিশা আছানচোলত এটা পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাটোত নিহত হয় দুজন বিজেপি নেতাও। নিহত দুই বিজেপি নেতাক বাবলু সিং আৰু মহেন্দ্ৰ সিং বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, এখন তীব্ৰবেগী এছ ইউ ভিয়ে ট্ৰেফিক চিগনেলত এখন বাইক আৰু ডাম্পাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত মুঠ পাঁচ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় এজন। আহত লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত এগৰাকী মহিলাসহ পাঁচজন লোক আছিল।।

You might also like
Leave A Reply

Your email address will not be published.