কাইলৈ অনুষ্ঠিত হ’ব লগা GMC নিৰ্বাচনৰ সবিশেষ

গুৱাহাটী পৌৰ নিগমৰ কাইলৈ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে প্ৰিজাইডিং আৰু প’লিঙকে ধৰি অন্যান্য বিষয়াসকল আজি ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়। আজি পুৱাৰ ভাগতে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত উপস্থিত হৈ নিৰ্বাচনৰ ইভিএম ছেট আৰু অন্যান্য নিৰ্বাচনী সামগ্ৰীসমূহ সংগ্ৰহ কৰি তেওঁলোক নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। জিলা ৰিটাৰ্নিং বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই বাণিজ্য কেন্দ্ৰত উপস্থিত হৈ এই সামগ্ৰিক প্ৰক্ৰিয়াৰ তদাৰক কৰাৰ লগতে নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মীসকলক নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কাইলৈ পুৱা ৭-৩০ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি ৪-৩০ বজাত অন্ত পৰিব। পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণত এইবেলি পোন প্ৰথমবাৰৰ বাবে ই ভি এমৰ ব্যৱস্থা কৰা হৈছে। এইবাৰৰ নিৰ্বাচনৰ বাবে মুঠ ৭৫৭ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকীকৈ প্ৰিজাইডিং বিষয়াৰ লগতে তিনিগৰাকীকৈ প’লিং বিষয়া নিয়োজিত কৰা হৈছে। নিয়োজিত কৰা হৈছে নিৰ্দিষ্ট সংখ্যক আৰক্ষী। ইয়াৰ উপৰিও নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে পৌৰ নিগম এলেকাৰ ৮ টা জ’ন আৰু ৭৬ টা ছেক্টৰত একোগৰাকীকৈ অসামৰিক আৰু আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে। তেনেদৰে ৮০ টা ভোটগ্ৰহণ কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ’ব। উল্লেখনীয় যে গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫, ৬ আৰু ২২ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী তিনিগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দী হোৱাৰ হেতুকে এইবেলি ৫৭ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব। এইবাৰৰ নিৰ্বাচনত মুঠ ৭,৯৭,৮০৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৩,৯৭,১২৮ গৰাকী পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। অহা ২৪ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰতেই ভোটগণনা কৰাৰ লগতে একেদিনাই ফলাফল ঘোষণা কৰা হ’ব।

You might also like
Leave A Reply

Your email address will not be published.