কাজিৰঙাত দুদিনীয়া কাৰ্যসূচীৰে গজ উৎসৱ!

নিউজ ডেস্ক:
আৰু ৮ এপ্ৰিলত কাজিৰঙাত অনুষ্ঠিত হ’ব গজ উৎসৱ। ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ আৰু হস্তী প্ৰকল্পৰ ৩০ বছৰ উপলক্ষ্যে এই কাৰ্যসূচী৷ দেশৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দুটা গুৰুত্বপূৰ্ণ বৰ্ষ হৈছে ১৯৭২ আৰু ১৯৯২৷ কিয়নো দেশত ১৯৭২ চনত ব্যাঘ্ৰ প্ৰকল্প আৰু ১৯৯২ চনত আৰম্ভ কৰা হৈছিল হস্তী প্ৰকল্প। সুখবৰ যে চলিত বৰ্ষত ব্যাঘ্ৰ প্ৰকল্পই ৫০ বছৰ সম্পূৰ্ণ কৰাৰ লগতে হস্তী প্ৰকল্পই সম্পূৰ্ণ কৰিলে ৩০ বছৰ৷

 

হস্তী প্ৰকল্পৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা অসমে হস্তী প্ৰকল্পৰ ৩০ বছৰ সম্পুৰ্ণ কৰাৰ পৰিপেক্ষিতত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মে অহা ৭ আৰু ৮ এপ্ৰিলত গজ উৎসৱ উদযাপনৰ বাবে প্ৰস্ততি আৰম্ভ কৰা হৈছে কাজিৰঙাত। হস্তী প্ৰকল্পৰ ৩০ বছৰ আৰু ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ উপলক্ষে আয়োজন কৰা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। অনুষ্ঠানত প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশ ল’ব। গজ উৎসৱ উদযাপনৰ বাবে ইতিমধ্যে কাজিৰঙাত আৰম্ভ কৰা হৈছে প্ৰস্ততি।

উল্লেখ্য যে গজ উৎসৱ উপলক্ষে ৬, ৭ আৰু ৮ এপ্ৰিলত পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ উক্ত তিনি দিনত কহঁৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত বন্ধ থাকিব জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰী৷ এক জাননী যোগে এই কথা প্ৰকাশ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

You might also like
Leave A Reply

Your email address will not be published.