পাটনা ষ্টেচনত অশ্লীল ভিডিঅ’!

টুইট যোগে প্ৰসংশা পৰ্ণষ্টাৰৰ

নেচনেল ডেস্ক:

পাটনা ৰে’লৱে ষ্টেচনৰ প্লেটফৰ্মৰ টিভিত অসাৱধানতাবশতঃ প্ৰায় ৩ মিনিটৰ বাবে এখন পৰ্ণ ছবি দেখুওৱাৰ এদিন পিছতে এই ঘটনা সন্দৰ্ভত পৰ্ণষ্টাৰ কেন্দ্ৰা লাষ্টৰ প্ৰশংসাসূচক টুইট। পাটনা ষ্টেচনত পৰ্ণগ্ৰাফিক ক্লিপ পৰিৱেশনৰ পাছতে সোমবাৰৰ নিশা পৰ্ণষ্টাৰ গৰাকীয়ে #BiharRailwayStation হেচটেগৰে ‘ইণ্ডিয়া’ কেপচনৰ সৈতে নিজৰ এখন ছবি টুইট কৰাক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ।

এগৰাকী নেটিজেনে ধেমালিতে পাটনা ৰে’লৱে ষ্টেচনত চলি থকা ক্লিপটো কেন্দ্ৰা লাষ্টৰে হয় বুলি কমেণ্ট কৰাত প’ৰ্ণষ্টাৰগৰাকীয়ে নিজৰ টুইটাৰ একাউন্টত ইতিবাচক সঁহাৰিৰে প্ৰত্যুত্তৰ দিয়ে।

উল্লেখযোগ্য যে দেওবাৰে বিহাৰৰ পাটনা ৰে’লৱে ষ্টেচনত টিভিৰ পৰ্দাত এখন প্ৰাপ্তবয়স্ক ছবি ভাঁহি উঠাত হতভম্ব হৈ পৰিছিল যাত্ৰীসকল । পুৱা প্ৰায় ৯:৩০ বজাত ১০ নম্বৰ প্লেটফৰ্মত সংঘটিত হৈছিল এই ঘটনা।

ষ্টেচনত উপস্থিত থকা লোকসকলে বিষয়টো চৰকাৰী ৰে’ল আৰক্ষী (জি আৰ পি) আৰু ৰে’ল সুৰক্ষা বাহিনী (আৰ পি এফ)ৰ দৃষ্টিগোচৰ কৰিছিল। পাছত আৰ পি এফে টিভিৰ পৰ্দাত বিজ্ঞাপন চলোৱাৰ দায়িত্বত থকা সংস্থা ‘দত্ত কমিউনিকেচন’ৰ সৈতে যোগাযোগ কৰি পৰ্ণ ক্লিপটোৰ সম্প্ৰচাৰ বন্ধ কৰে। দায়িত্বত থকা সংস্থাটোৰ বিৰুদ্ধে ইতিমধ্যে এফআইআৰ ৰুজু কৰা হৈছে। ৰে’লৱেই অভিযুক্ত সংস্থাটোক ব্লেকলিষ্টেড কৰাৰ লগতে জৰিমনা বিহা বুলিও জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.