কাজিৰঙাত বনৰীয়া গঁড়ৰ আক্ৰমণ!

নিউজ ডেস্ক:

কাজিৰঙাত বনৰীয়া গঁড়ৰ আক্ৰমণ! আক্ৰমণত কমেও দুজন মটৰ চাইকেল আৰোহী আহত। জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত হয় এই ঘটনা। কাজিৰঙাৰ কোহোৰা ৰেঞ্জৰ সমীপৰ হালধিবাৰী এনিমেল কৰিডৰত সংঘটিত হৈছে ঘটনাটো।

জানিব পৰা মতে, তেজপুৰৰ পৰা পিতৃ-পুত্ৰই দুচকীয়া বাহনেৰে যোৰহাট অভিমুখে গৈ থকা অৱস্থাত গঁড়টোৱে তেওঁলোকৰ বাহনখনক আক্ৰমণ কৰে। গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দুয়ো পিতৃ-পুত্ৰ।ততাতৈয়াকৈ পিতৃ-পুত্ৰক কোহোৰা মেডিকেলত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল যদিও পিছত যোৰহাটৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.