কিয়েভত কথমপি প্ৰাণৰক্ষা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ!

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্ট’নিও গুটেৰেছৰ ইউক্ৰেইন ভ্ৰমণৰ মাজতে ৰাজধানী কিয়েভত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ। বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্ট’নিও গুটেৰেছৰ মাজত হোৱা বৈঠকৰ অলপ পিছতে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আক্ৰমণ কৰে। আক্ৰমণত নিহত হয় এজন লোক। আনহাতে আক্ৰমণত কেইবাজনো লোক আহত হয় । আক্ৰমণৰ ফলত কমেও দুটা সুউচ্চ অট্টালিকাত জুই লাগিছিল। খৱৰটো সদৰি কৰে চহৰ খনৰ মেয়ৰ ভিটালি ক্লিষ্টেকাৱে। উল্লেখ্য যে, দুয়োগৰাকী নেতাই এখন সংবাদমেল অনুষ্ঠিত কৰাৰ ঠিক পিছতে সংঘটিত হৈছিল এই বিস্ফোৰণ। অৱশ্যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানসহ তেওঁৰ দল সুৰক্ষিত বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.