কেন্টাকিত ভয়ংকৰ গুলীচালনাৰ ঘটনা!

গুলীচালনাত পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৬ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

মেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্টাকিত ভয়ংকৰ গুলীচালনাৰ ঘটনা। চহৰখনৰ লুইছভিলৰ এটা বেংকৰ এজন কৰ্মচাৰীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৬ গৰাকী লোক। নিহতসকলৰ ভিতৰত এজন আৰক্ষী বিষয়াও আছে। পিছত আৰক্ষীয়ে গুলীয়াই হত্যা কৰে বন্দুকধাৰী দুৰ্বৃত্তটোক।

স্থানীয় সময় অনুসৰি প্ৰায় ৮:৩০ বজাত মহানগৰীৰ মাজমজিয়াৰ ওল্ড নেচনেল বেংকত সংঘটিত হয় এই গুলীচালনা। বন্দুকধাৰীটোক ২৫ বছৰীয়া কন’ৰ ষ্টাৰজিন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, অভিযুক্তই এবছৰ পূৰ্বে বেংকটোত পূৰ্ণকালীন নিযুক্তি পাইছিল।

উল্লেখ্য যে, ২১ বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্কক অনুজ্ঞাপত্ৰ অবিহনে আগ্নেয়াস্ত্ৰ ক্ৰয় আৰু সৰবৰাহৰ অনুমতি দিয়া ২৬খন ৰাজ্যৰ ভিতৰত কেন্টাকিও অন্যতম।।

You might also like
Leave A Reply

Your email address will not be published.