গুৱাহাটীৰ জি এছ ৰোডত নিশা চাঞ্চল্যকৰ ঘটনা!

অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক

নিউজ ডেস্ক:

গুৱাহাটীৰ জি এছ ৰোডত নিশা চাঞ্চল্যকৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক। আহত যুৱকজন জি এছ ৰোডস্থিত Starbucks কফি হাউছৰ মেনেজাৰ বুলি জানিব পৰা গৈছে। নিশা কৰ্মস্থানৰ পৰা স্কুটিৰে ঘৰলৈ উভতি আহি থকা সময়তে জি এছ ৰোডৰ এবিচি পইণ্টত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, বাইকেৰে অহা দুই অচিনাক্ত দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় ভাস্কৰ জ্যোতি দাস নামৰ যুৱকজন। ঘটনা সংঘটিত হোৱাৰ সময়ত দুৰ্বৃত্তৰ দলটো সুৰামত্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত কৰিয়েই দুই আক্রমণকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

ইফালে ঘটনা প্ৰত্যক্ষ কৰা একাংশ লোকে সংকটজনক অৱস্থাত ভাস্কৰ জ্যোতি দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। পিছত আহত দাসক উন্নত চিকিৎসাৰ বাবে এপ’ল’ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ।।

You might also like
Leave A Reply

Your email address will not be published.