আজি ১১ এপ্ৰিল

▶️১৮৮৭ চনৰ এই দিনটোতেই বিশিষ্ট চিত্ৰশিল্পী যামিনী ৰায়ৰ জন্ম হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ প্ৰতিষ্ঠা।
▶️১৯৩০ চনৰ আজিৰ দিনটোতেই উত্তৰাখণ্ডৰ হৃষীকেশৰ প্ৰসিদ্ধ লক্ষ্মণঝুলা ওলমা দলং মুকলি।এইখনেই ভাৰতৰ প্ৰথম যান-বাহন যাব পৰা ওলমা দলং।দলংখনৰ দৈৰ্ঘ্য ১৩৬ মিটাৰ।
▶️১৯৬১ চনৰ আজিৰ দিনটোতেই ইহুদিবিৰোধী কাম-কাজত জড়িত থকাৰ অভিযোগত প্ৰাক্তন নাজী প্ৰধান আইকমেনৰ বিচাৰ।
▶️১৯৬৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ বিভাজন। ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) গঠন।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই কেন্দ্ৰত দহমহীয়া দেৱেগৌড়া চৰকাৰ আস্থা ভোটত পৰাজিত হৈ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ এইচ ডি ডেৱেগৌড়াৰ। অৱশ্যে ১৯৯৭ চনৰ ২১ এপ্ৰিললৈকে তেওঁ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.