পুনৰ বিমানযাত্ৰীৰ উচ্ছৃংখল আচৰণ!

নেচনেল ডেস্ক:

নিউয়ৰ্কৰ পৰা দিল্লীলৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান চলি থকা অৱস্থাত বিমানৰ ভিতৰত এগৰাকী সুৰাসক্ত ব্যক্তিয়ে এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই সংঘটিত হ’ল আন এক ঘটনা। এয়াৰলাইনছ কতৃপক্ষই জনোৱা অনুসৰি লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান দিল্লীলৈ উভতি আহি থকা অৱস্থাত এগৰাকী উচ্ছৃংখল যাত্ৰীয়ে দুগৰাকী কেবিন ক্ৰু সদস্যক শাৰীৰিকভাৱে অপদস্থ কৰে। এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে লণ্ডনৰ হিথ্ৰো বিমানবন্দৰলৈ যোৱা এখন বিমান “এজন যাত্ৰীৰ গুৰুতৰ উচ্ছৃংখল আচৰণ”ৰ বাবে উৰণৰ অলপ পিছতে উভতি আহে । যাত্ৰীজনে কেবিন ক্ৰুৰ দুজন সদস্যক শাৰীৰিক দুৰ্ব্যৱহাৰৰ লগতে উচ্ছৃংখল আচৰণ অব্যাহত ৰাখে বুলি অভিযোগ কৰে। পিছত পাইলট ইন কমাণ্ডে দিল্লীলৈ উভতি যোৱাৰ সিদ্ধান্ত লোৱাৰ লগতে যাত্ৰীজনক অৱতৰণ কৰাৰ পিছত সুৰক্ষা কৰ্মীসকলক গতাই দিয়ে। এয়াৰলাইনছ কতৃপক্ষই ঘটনা সন্দৰ্ভত অভিযুক্তজনৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰে।

অসামৰিক বিমান পৰিচালন সঞ্চালকালয়ৰ (ডিজিচিএ) তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৮৭ খন পুৱা ৬.৩৫ বজাত উৰা মাৰিছিল আৰু পুৱা ৯.৪২ বজাত দিল্লীলৈ উভতি আহিছিল। অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰকে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.