কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ অৰুণাচলত অমিত শ্বাহ!

দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ-পূবত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক:

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰলৈ অৰুণাচলত অমিত শ্বাহ। দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ-পূবত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ। দিনৰ ১২.৪০ বজাত বিশেষ বিমানেৰে ডিব্ৰুগড়ত অৱতৰন কৰাৰ পাছতে পোনে পোনে অৰুণাচললৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। অৰুণাচলৰ ভাৰত-চীন সীমান্তত কেইবাখনো আঁচনিৰ লগতে আঞ্জাও জিলাৰ কিবিথুত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিব ‘Vibrant Villages Programme’। উক্ত আঁচনিৰ অধীনত উন্নীতকৰণ কৰা হ’ব সীমান্তৰ গাওঁসমূহৰ আন্তঃগাঁথনি।অৰুণাচলত ITBP জোৱান সকলৰ সৈতে বৈঠকতো ভাগ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। মঙলবাৰে দিনৰ ১১.৩৫ বজাত ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হৈ বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ ভূমিপূজন অনুষ্ঠানত অংশ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে। ভূমিপূজন অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিনৰ ১২.৫০ বজাত মানকটা খেলপথাৰত বিজেপিৰ এক বিশাল জনসভা সম্বোধন কৰাৰ লগতে কৃষক কাৰ্যকৰ্তা সন্মিলনতো অংশ ল’ব অমিত শ্বাহে।।

You might also like
Leave A Reply

Your email address will not be published.