কেবিনেটত আজিৰ সিদ্ধান্ত সমূহ কি কি?

আজিৰ ৰাজ্যিক কেবিনেটৰ মূল সিদ্ধান্ত সমূহ-

????ৰাজ্যৰ চাহ বাগানসমূহত শীতকালত উৎপাদনকাৰ্য স্তিমিত হোৱাৰ পৰিপ্ৰেক্ষিতত এম জি এনৰেগাৰ অধীনত চাহ শ্ৰমিকসকলক পুখুৰী খনন, পথ নিৰ্মাণ আদিত কৰ্মসংস্থাপন প্ৰদানৰ সিদ্ধান্ত
????এম জি এনৰেগাৰ অধীনত পুখুৰী খনন কাৰ্য অগ্ৰাধিকাৰ ভিত্তিত গ্ৰহণ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ বাবে সাঁচি, চোমগছ আদি ৰোপণৰ পদক্ষেপ
????পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গ্ৰামাঞ্চলত বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, পাৰ্ক আদি নিৰ্মাণৰ সিদ্ধান্ত
????গুৱাহাটী উন্নয়ন বিভাগ আৰু নগৰ উন্নয়ন বিভাগক একত্ৰিত কৰি ‘গৃহ আৰু নগৰ পৰিক্ৰমা’ (Housing and Urban Affairs) নামেৰে এটা বিভাগ গঠনৰ সিদ্ধান্ত
????সাধাৰণ প্ৰশাসন বিভাগ আৰু সচিবালয় প্ৰশাসন বিভাগক একত্ৰিত কৰি ‘সাধাৰণ প্ৰশাসন বিভাগ’ নামেৰে এটা বিভাগ কৰাৰ সিদ্ধান্ত
????এতিয়াৰে পৰা তথ্য আৰু জনসংযোগ মন্ত্ৰীয়ে বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যমত প্ৰকাশিত আৰু প্ৰচাৰিত বিজ্ঞাপনৰ বিল পৰিশোধৰ ক্ষেত্ৰত পোনপটীয়াকৈ অনুমোদন জনাব পাৰিব
????আজিৰ কেবিনেটে গোলাঘাট আৰু সৰুপথাৰ ৰাজহ চক্ৰক খৰাং পীড়িত অঞ্চল বুলি ঘোষণা কৰে৷ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত ৰাজহ মন্ত্ৰী যোগেন মহন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালক খৰাং পীড়িত অঞ্চল পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালক প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদানৰ বাবে দায়িত্ব অৰ্পণ কৰে কেবিনেটে
????গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসভৱনক ‘ঐতিহ্য ভৱন’ হিচাপে ঘোষণা কৰি সংৰক্ষণৰ পদক্ষেপ লোৱাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷।

You might also like
Leave A Reply

Your email address will not be published.