কোনে পিন্ধাব অলিম্পিক বিজয়ীক মেডেল?

ক্ষোভ আৰু সংশয়ৰ মাজত আজিৰে পৰা টকিঅ’ত ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’! মূলমন্ত্ৰ শান্তি আৰু ভাতৃত্ববোধৰ স্থানত এতিয়া আপদীয়া কৰ’নাই অলিম্পিকৰ আয়োজক দেশত বিয়পাইছে চৌদিশে অশান্তি আৰু সন্দেহৰ বিদ্বেষ ভাৱ। গৌৰৱৰ আনন্দোল্লাসে গিজগিজাই থাকিব লগা জাপানৰ গাঁৱে-ভূয়ে এতিয়া মৰিশালিৰ নিস্তব্ধতা।ইতিহাসত প্ৰথমবাৰলৈ অলিম্পিক অনুষ্ঠিতকৰনৰ বিৰোধীতা কৰিছে কোনো আয়োজক দেশে। ১৯৬৪ চনত বিশ্ববাসীক শ্ৰেষ্ঠ অলিম্পিকৰ চমক দি থোৱা জাপানী সকলে ২০১৩ চনত দ্বিতীয়বাৰ অলিম্পিক আয়োজনৰ দায়িত্ব প্ৰদানৰ ঘোষণাত আনন্দত আত্মহাৰা হোৱা পৰিবেশ অন্তিম মূহুৰ্তত তচনচ কৰিলে ক’ভিড বিভীষিকাই।

ইয়াৰ মাজতে আয়োজক দেশৰ জনসাধাৰণক ক্ষুব্ধ কৰি আন্তঃৰষ্ট্ৰীয় অলিম্পিক সন্থাৰ মুৰব্বী টমাছ বাখৰ সদম্ভ ঘোষণা- এবাৰ উদ্বোধন হৈ গ’লেই চিন্তা নোহোৱাকৈ অনুষ্ঠিত হ’ব ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ প্ৰবল হেঁচাত এতিয়া অসহায় টকিঅ’ অলিম্পিকৰ আয়োজক। খেলপথাৰৰ প্ৰধান অলংকাৰ দৰ্শকশুণ্য পৰিবেশত পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে সাজু হৈছে ২০৫ খন দেশৰ এথলীট। ইয়াৰ মাজতে বছৰ বছৰ ধৰি কঠোৰ অনুশীলনেৰে স্বপ্নথলীত উপনীত হৈয়ো কৰ’নাত আক্ৰান্ত হৈ অলিম্পিকৰ পৰা নেখেলাকৈয়ে চকুলো টুকি উভতিব লগা হৈছে একাধিক।

এনে প্ৰতিকূলতাৰ মাজতে ২০ গৰাকী ভিভিআইপি সহ ৯০০ দৰ্শকৰ মাত্ৰ উপস্থিতিত আজি উদ্বোধন ঘটিব বহু প্ৰতীক্ষিত টকিঅ’ অলিম্পিকৰ। খেলুৱৈৰ সংখ্যাৰে যিমানেই বৃহৎ দলৰ দেশ নহওঁক, উদ্বোধনী মাৰ্চপাষ্টত প্ৰতিখন দেশৰ সৰ্বোচ্চ ৫০ সদস্যইহে অংশ ল’ব পাৰিব। এইবেলিৰ অলিম্পিকৰ আটাইতকৈ অসহনীয় ক্ষনটো হ’ব কৰ’নাৰ পৰিপ্ৰেক্ষিতত বিজয়ী খেলুৱৈৰ ডিঙিত মেডেল পিন্ধাবলৈ নাথাকিব আয়োজকৰ কোনো কৰ্মকৰ্তা। সমূখৰ ট্ৰে’ৰ পৰা বিজয়ীয়ে নিজেই নিজৰ ডিঙিত পিন্ধিব লাগিব পদক।।

You might also like
Leave A Reply

Your email address will not be published.