কোলাত কেচুৱা লৈ থানাত ড্ৰাগছ বেপাৰী মহিলা

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই পুনৰ আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ নাৰামাৰীৰ পৰা বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। নাৰামাৰীৰ মৰজিনা খাতুনৰ বাসগৃহত অভিযান চলাই মৰিজনা খাতুনৰ লগতে তাছমিনা খাতুন নামৰ আন এগৰাকী মহিলাকো আটক কৰে আৰক্ষীয়ে। ধৃত মহিলা দুগৰাকীৰ পৰা আৰক্ষীৰ দলটোৱে হেৰ’ইনসহ ৭০টাকৈ ড্ৰাগছ বিক্ৰীত ব্যৱহৃত কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.