কৰিমগঞ্জত ২৫ লাখ টকাৰ গাঞ্জা জব্দ

অসম আৰক্ষীৰ বৃহৎ সফলতা! ত্ৰিপুৰাৰ সীমান্তৰ সমীপৱৰ্তী কৰিমগঞ্জ জিলাত প্ৰায় ২৫ লাখ টকাৰ ২০৯ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা বুলি আৰক্ষীয়ে সদৰি কৰিছে। গাঞ্জা সৰবৰাহত জড়িত ২ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কৰিমগঞ্জৰ আৰক্ষী সূত্ৰই জনোৱা মতে,এক গোপন তথ্যৰ ভিত্তিত চুৰাইবাৰী আৰক্ষী থানাত নিয়োজিত আৰক্ষীৰ দলে ত্ৰিপুৰাৰ ফালৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ১২ চকীয়া ট্ৰাকত তালাচী চলায় গাঞ্জাখিনি জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰীক বিপুল দাস আৰু কাবিন্দ্ৰ সাধন জামাতিয়া বুলি চিনাক্ত কৰা হৈছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চুৰাইবাৰী থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.