গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা!

ৰাজকোটত এজন লোকে তেওঁৰ পত্নীৰ সৈতে মিলি গিলোটিনৰ দৰে যন্ত্ৰৰ দ্বাৰা একেলগে মূৰ কাটি আত্মহত্যা কৰে

নেচেনেল ডেস্ক :

গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । গুজৰাটৰ ৰাজকোট জিলাত এজন লোকে তেওঁৰ পত্নীৰ সৈতে মিলি গিলোটিনৰ দৰে যন্ত্ৰৰ দ্বাৰা একেলগে মূৰ কাটি আত্মহত্যা কৰে। ঘটনাটো অন্ধবিশ্বাসৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে । আৰক্ষীৰ মতে দুয়োজনে ঘৰতে নিৰ্মাণ কৰিছিল এই গিলোটিন যন্ত্ৰটো। নিহত পতী-পত্নীক ৩৮ বছৰীয়া হেমুভাই মাকৱানা আৰু ৩৫ বছৰীয়া হানছাবেন বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন চুইচাইড নোট।

তথ্য অনুসৰি এই গিলোটিন সদৃশ যন্ত্ৰটোৰ ঠিক সন্মুখতে স্বামী-স্ত্ৰীয়ে জুইৰ বেদীও নিৰ্মাণ কৰিছিল।প্ৰথমে তাত জুই জ্বলাই লয় আৰু তাৰ পাছত দুয়োজনে গিলোটিনত থকা ব্লেডৰ তলত মূৰ দি বহে । দুয়োৰে মূৰ ব্লেডেৰে কাটি দিয়াৰ লগে লগে পোনে পোনে জুইৰ বেদীত পৰে।

পৰিয়ালৰ লোকে ঘৰটোত এনে অৱস্থাত পৰি থকা মৃতদেহ দুটা দেখি লগে লগে আৰক্ষীক খবৰ দিয়ে। জানিব পৰা মতে, আত্মহত্যাকাৰী স্বামী-স্ত্ৰীয়ে বিগত এবছৰ ধৰি প্ৰতিদিনে এটা জুপুৰিলৈ গৈ পূজা-অৰ্চনা কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.