কুকুৰৰ আক্ৰমণত প্ৰাণ গ’ল এজন লোকৰ!

নেচনেল ডেস্ক :

ত্তৰ প্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ৭-৮ টাতকৈয়ো অধিক কুকুৰৰ আক্ৰমণত আঘাটপ্ৰাপ্ত হৈ প্ৰাণ হেৰুৱালে এজন লোকে। উত্তৰ প্ৰদেশৰ আলিগড়ৰ থানা চিভিল লাইন অঞ্চলৰ আলিগড় মুছলিম বিশ্ববিদ্যালয় চৌহদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আক্ৰমণৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। উক্ত খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষীসহ কুকুৰ স্কোৱাডৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত লোকজন থানা চিভিল লাইন অঞ্চলৰ বাসিন্দা চফদৰ আলী বুলি চিনাক্ত কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.