মেক্সিকোত ভয়ংকৰ ঘটনা!

গুলীচালনাৰ ফলত শিশুসহ নিহত কমেও ৭জন লোক

ইণ্টাৰনেচনেল ডেস্ক:

মেক্সিকোত ভয়ংকৰ ঘটনা। দেশখনৰ গুৱানাজুয়াটো প্ৰদেশৰ কৰ্টাজাৰ চহৰত সংঘটিত হয় এই ঘটনা। এটা ৰাজহুৱা চুইমিং পুলত বন্দুকধাৰীয়ে চলায় নিৰ্বিচাৰ গুলীচালনা। গুলীচালনাৰ ফলত শিশুসহ নিহত হয় কমেও ৭জন লোক। আনহাতে গুলীচালনাত গুৰুতৰভাৱে আহত হয় আন এজন লোক। জানিব পৰা মতে, বন্দুকধাৰীয়ে এখন দোকান, নিৰাপত্তাৰক্ষী কেমেৰা আৰু মনিটৰৰো ক্ষতিসাধন কৰে।

ইফালে বন্দুকধাৰীক বিচাৰি মেক্সিকান সেনা আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আক্ৰমণৰ উদ্দেশ্য জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.