মহাৰাষ্ট্ৰত প্ৰচণ্ড গৰমত মৃত্যু ১১জনকৈ লোকৰ!

মহাৰাষ্ট্ৰত ভয়ংকৰ ঘটনা

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰত ভয়ংকৰ ঘটনা। প্ৰচণ্ড গৰমত ১১জনকৈ লোকৰ মৃত্যু। জানিব পৰা মতে, নবি মুম্বাইত আয়োজিত মহাৰাষ্ট্ৰ ভূষণ পুৰস্কাৰ অনুষ্ঠানত সংঘটিত হৈছে এই ঘটনা। অনুষ্ঠানত মুকলি আকাশৰ তলত প্ৰচণ্ড ৰ’দত বহি থকাৰ ফলত ১১জনকৈ লোকৰ হিট ষ্ট্ৰ’কত মৃত্যু ঘটে। লগতে অসুস্থ হৈ পৰে ১২০ জনৰো অধিক লোক। ইতিমধ্যে হাস্পতালত ভৰ্তি কৰোৱা হৈছে অৰ্ধশতাধিক লোকক।

ইফালে, এমজিএম হাস্পতালত চিকিৎসাধীন লোকসকলক সাক্ষাত্‍ কৰি স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী একনাথ সিন্দেই। উল্লেখ্য যে, হিট ষ্ট্ৰ’ক হৈ মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

You might also like
Leave A Reply

Your email address will not be published.