গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড!

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড!হাতীগাৱঁৰ লখিমী নগৰত তলাবন্ধ ঘৰৰ কোঠাত উদ্ধাৰ মিলন ছেত্ৰী নামৰ লোক এজনৰ মৃতদেহ।ঘৰটোৰ মালিক আটাউৰ ৰহমান থাকে যোৰহাটত। ৰহমানৰ ঘৰৰ কেয়াৰটেকাৰ ৰূপে আছিল পেচাত ৰং মিস্ত্ৰী মৃত লোকজন।জানিব পৰা মতে যোৱা ১৮ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল মৃত মিলন ছেত্ৰী। আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ঘটনাৰ শুংসূত্ৰ উলিয়াব পৰা নাই। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সম্প্ৰতি ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.