আজি ২৩ নৱেম্বৰ

➡ ১৯১১ চনৰ আজিৰ দিনটোতে শিক্ষাবিদ, সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ জন্ম হৈছিল।

➡ ২০২০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু হৈছিল।

➡ ১৯২৬ চনৰ ২৩ নৱেম্বৰত ধৰ্মগুৰু শ্ৰীসত্যসাই বাবাৰ জন্ম হৈছিল।

➡ ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ মৃত্যু হৈছিল ১৯৩৭ চনৰ আজিৰ দিনটোতে।

➡ ১৯৮২ চনৰ ২৩ নৱেম্বৰত সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্যু হৈছিল।

➡ ১৯৯০ চনৰ আজিৰ দিনটোতে দিল্লীত কমনৱেলথ শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল। কমনৱেলথৰ এয়াই ভাৰতত প্ৰথম সন্মিলন।

➡ ১৯৯১ চনৰ ২৩ নৱেম্বৰত গীত শেঠীৰ বিশ্ব অপেছাদাৰী বলিয়াৰ্ডে প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল।

➡ ১৯৯১ চনৰ আজিৰ দিনটোতে দক্ষিণ-পূব এছিয়াৰ দেশ কাম্পুচিয়াৰ নাম সলনি কৰি নতুন নাম কম্বোডিয়া ৰখা হৈছিল।

➡ ভাৰতৰ ৰেডিঅ’ আৰু টিলিভিছন সেৱা ক্ৰমে আকাশবাণী আৰু দূৰদৰ্শনক একেলগ কৰি ‘প্ৰসাৰ ভাৰতী’ নামৰ এক সুকীয়া স্বতন্ত্ৰ নিগম গঠন কৰা হৈছিল ১৯৯৭ চনৰ আজিৰ দিনটোতে।

➡ ১৯৯৭ চনৰ ২৩ নৱেম্বৰত ‘মিছ ইণ্ডিয়া’ ডায়েনা হেডেনে ‘মিছ ৱৰ্ল্ড’ খিতাপ লাভ কৰিছিল।

➡ ১৯৯৭ চনৰ আজিৰ দিনটোতে সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা গঠন কৰা হৈছিল। প্ৰতিষ্ঠাপক সভাপতি আছিল অজিত বৰুৱা, সম্পাদক মহেন্দ্ৰ শইকীয়া।

➡ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ মিলেনিয়াম ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰা হৈছিল ১৯৯৯ চনৰ ২৩ নৱেম্বৰত।

➡ ২০০৩ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডি এম কে দলৰ নেতা মুৰাছ’লি মৰাণৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.