গুৱাহাটীৰ ৯ স্থানতহে বৈধ পাৰ্কিং মাচুল

গুৱাহাটী পৌৰ নিগমে (জিএমচি) মহানগৰীৰ ৯ টা পাৰ্কিং স্থানতহে নিৰ্ধাৰণ কৰিছে মাচুল।কেৱল এই ৯ টা স্থানতহে যান-বাহনৰ মালিকে পৰিশোধ কৰিব লাগিব পাৰ্কিং মাচুল। এই নিৰ্ধাৰিত স্থানৰ বাহিৰে আন কোনো পাৰ্কিং স্থানত মাচুল পৰিশোধ নকৰিবলৈ ৰাইজক আহ্বান জনাইছে জিএমচিৰ আয়ুক্ত দেৱাশীষ শৰ্মাই । জি এম চিৰ অনুমোদন নথকা পাৰ্কিং স্থানৰ পৰা মাচুল সংগ্ৰহ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে আয়ুক্ত গৰাকীয়ে।

জি এম চিৰ আয়ুক্ত গৰাকীয়ে জনোৱা মতে পাৰ্কিং মাচুল সংগ্ৰহৰ অনুমতি দিয়া ৯ টা নিৰ্ধাৰিত স্থান হ’ল ক্ৰমে আদাবাৰী বাছ টাৰ্মিনাস, গণেশগুৰি অভাৰব্ৰীজৰ তলৰ পাৰ্কিং স্থান, ড০ জে চি ৰোড (ফাঁচীবজাৰ), কটন কলেজিয়েট ৰোড, আৰ পি ৰোড, এইচ বি ৰোড, শিখ মন্দিৰৰ ওচৰত, ফাঁচীবজাৰ, এইচ বি ৰোড (পান বজাৰ) আৰু ভঙাগড় অভাৰব্ৰীজৰ তলৰ পাৰ্কিং স্থান।।

You might also like
Leave A Reply

Your email address will not be published.